ৰাজ্য বাসীৰ বাবে এক ভাল খবৰ।
ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত উজলি উঠিছে অসম কন্যা।
একেদিনাই অসমৰ ২ বক্সাৰে ৰাষ্ট্ৰীয় ক্ৰীড়াত জিনিলে স্বৰ্ণপদক।
গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই আৰু অংকুশিতা বড়োৰ স্বৰ্ণ জয়।
৬৬ কেজি শাখাত অংকুশিতা বড়োই আজুৰি আনিবলৈ সক্ষম হয় স্বৰ্ণ।

মণিপুৰৰ এলিনাক পৰাস্ত কৰি স্বৰ্ণ জয় কৰে অংকুশিতাই।
ইপিনে অসমৰ অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁইয়ে জিনিলে স্বৰ্ণপদক।
৭৫ কিলাে শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় লাভলীনাই।
হাৰিয়ানাৰ চুইটীক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি লাভলীনা বৰগোহাঁই অৰ্জন কৰিলে স্বৰ্ণ পদক
LOVLINA BORGOHAIN 🥊 #36thNationalGames Middle Weight (70-75 Kg) GOLD🥇 Medalist@Media_SAI | #NationalGames2022 | @BFI_official | @LovlinaBorgohai pic.twitter.com/8gSSHCVsty
— DD Sports – National Games 2022 🇮🇳 (@ddsportschannel) October 12, 2022
ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্তিম দিনা ৰাজ্যবাসীক দুটাকৈ স্বৰ্ণ উপহাৰ দিলে ২ অসম কন্যাই।









