শোকাৱহ! বাইক আৰু মিনি ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত কৰুণ মৃত্যু SDRF জোৱান কেশৱ থাপাৰ…

এক শোকাৱহ পথ দুৰ্ঘটনা।

বাইক আৰু মিনি ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী SDRF জোৱানে।

বিশ্বনাথ জিলাৰ গহপুৰৰ পুৰুপবাৰীত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোত কৰুণ মৃত্যুক সাৱটি লোৱা জোৱানজন কেশৱ থাপা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা বাইক আৰোহী এছ ডি আৰ এফ জোৱানজনক গহপুৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মৃত্যুক সাৱটি লয়।

নিহত কেশৱ থাপাৰ ঘৰ বিশ্বনাথৰ কুমলিয়াত।

SDRF জোৱান কেশৱ থাপাৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।