দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ শ্বেৰমান আলীক।
গুৱাহাটীৰ চিজেএম আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে শ্বেৰমানক।
আৰক্ষীয়ে ১০ দিনৰ বাবে জিম্মাত বিচাৰিছিল শ্বেৰমানক।
২ দিনৰ বাবে পানবজাৰ থানাত ৰখা হ’ব শ্বেৰমান আলীক।
উল্লেখ্য যে, শ্বহীদক লৈ অপমানজনক মন্তব্য কৰাৰ বাবে শনিবাৰে আৰক্ষীয়ে দিছপুৰৰ বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বাঘবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক।









