পুনৰ আৰম্ভ হ’ল মাজুলীবাসীৰ সপোনৰ মাজুলী-যোৰহাট সংযোগী দলঙৰ নির্মাণকার্য…

পুনৰ আৰম্ভ হ’ল মাজুলী-যোৰহাট সংযোগী দলঙৰ নির্মাণকার্য।

সুদীর্ঘ পাঁচ মাহৰ বিৰতিৰ পিচত শুক্ৰবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে মাজুলীবাসীৰ সপোনৰ মাজুলী-যোৰহাট সংযোগী দলঙৰ নির্মাণকার্য।

দলংখন নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে ইউ পি ষ্টেট ব্রীজ কনষ্ট্রাকচন কোম্পানীৰ অধীনত উপ ঠিকা লাভ কৰা বডিৰাই কোম্পানীয়ে যাৱতীয় সা-সৰঞ্জাম মজুত কৰি প্রায় এমাহজোৰা প্ৰস্তুতিৰ অন্তত উচ্চপদস্থ বিষয়াৰ উপস্থিতিত দলঙৰ খুঁটাৰ ছাটাৰিং আৰম্ভ কৰে।

এই কাৰ্যই স্বাভাবিকতে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে মাজুলীবাসীৰ বাবে।

উল্লেখ্য যে যোৱা ১ মে’ত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ তথা সাংবাদিকৰ এটা প্ৰতিনিধি দলে দলং নির্মাণস্থলীত উপস্থিত হৈ চৰজমিন তদন্ত কৰি দলঙৰ নিৰ্মাণত বিসংগতি তথা আসোঁৱাহৰ কথা ৰাজহুৱা কৰাৰ পিচতে মাজুলীৰ স্থানীয় বিধায়ক ভুবন গামসহ মাজুলীৰ উপায়ুক্তই নির্মাণস্থলীত উপস্থিত হৈ দলঙৰ আসোঁৱাহ থকা আঠ আৰু এঘাৰ নম্বৰৰ দুটা খুঁটাৰ নিৰ্মাণ সাময়িকভাৱে বন্ধ ঘোষণা কৰিছিল।

এই বিসংগতিৰ অভিযোগৰ পিচত যোৱা বিশ মে’ত যোৰহাট-মাজুলী দলঙৰ নিৰ্মাণস্থলীত উপস্থিত হৈ ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ মুখ্য অভিযন্তা ইউ চি কাট্টাৰে নিৰ্মীয়মাণ দলঙৰ সকলো দিশ চোৱা-চিতা কৰি বিশেষজ্ঞৰ প্ৰতিবেদনৰ কথা প্ৰকাশ কৰিছিল।

ইয়াৰ পিচত যোৱা আঠ জুনত এদিনীয়া মাজুলী ভ্ৰমণলৈ অহা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকে প্রশ্ন কৰাত দলঙৰ নিৰ্মাণকাৰ্য বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ পিচতেই পুনৰ আৰম্ভ হ’ব বুলি মুখ্যমন্ত্রীয়েও মন্তব্য কৰিছিল।

ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ মুখ্য অভিযন্তাজনে নির্মীয়মাণ দলংখনৰ সকলো দিশ পৰ্যবেক্ষণৰ সময়ত দলঙৰ দায়িত্বত থকা অভিযন্তাই বিসংগতিপূৰ্ণ আঠ নম্বৰ খুঁটাৰ ওপৰ-তল সকলো ঠিকেই আছে বুলি কৈ এন ডি টি টেষ্টত খুঁটাটোৰ সংযোগ অংশৰ ফলাফল ভাল নহয় বুলি উল্লেখ কৰিছিল। বিষয়টো সন্দৰ্ভত কিছু খেলিমেলি উত্তৰ পোৱাত আঠ নং খুঁটাটোৰ পৰীক্ষণৰ ফলাফল যদি সঠিক নহয়, তেন্তে মেৰামতি আৰু প্ৰয়োজন হ’লে ভাঙি নতুনকৈ নিৰ্মাণ কৰিবলৈ মুখ্য অভিযন্তাগৰাকীয়ে নির্দেশ দিছিল।

সেই অনুসৰি যোৱা ১৭ জুনত আঠ নম্বৰ খুটাত বিসংগতি দূৰ কৰিবলৈ কাৰিকৰী এটা দলে উন্নত প্রযুক্তিৰে মেৰামতিৰ কাম আৰম্ভ কৰিছিল।

সেইদিনা আঠ নম্বৰ খুঁটাৰ মেৰামতিৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিহে বাকী খুঁটা নিৰ্মাণৰ কাম কৰিব বুলি দায়িত্বত থকা বিষয়াই জানিবলৈ দিছিল।