আজি জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেটৰ বৈঠক।
বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
শিশুৰ শিক্ষা সুনিশ্চিতকৰণৰ অৰ্থে প্রতিটো শিক্ষাবর্ষৰ শেষত পঞ্চম আৰু সপ্তম শ্রেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ (সংশাধনী) আইন, ২০১৯ৰ অধীনত একে শ্ৰেণীত ৰখাৰ পদ্ধতি আৰু চৰ্তৰ দিশত অধিসূচনা জাৰি কৰাত অনুমোদন।
ঘৰুৱা গ্ৰাহকক সকাহ প্রদানৰ লক্ষ্যৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে বর্ধিত খুচুৰা শুল্কৰ পৰা হাত সাৰিবলৈ এ পি ডি চি এলক ১৯০ কোটি টকাৰ বিদ্যুৎ ক্রয় ৰাজসাহায্যত অনুমোদন।
২৪ মেগাৱাটৰ কাৰ্বি লাংপি মধ্যম দ্বিতীয় জলবিদ্যুৎ প্রকল্পত ৩০০.৭ কোটি টকা ব্যয়ৰ লগতে ইয়াৰ ৰূপায়ণৰ বাবে প্রয়োজনীয় পুনৰ ব্যয় প্রস্তাৱত অনুমোদন।
গোৱালপৰীয়া লোকগীতৰ সম্রাজ্ঞী প্রতিমা বৰুৱা পাণ্ডেৰ জীৱন আৰু কৃতী যুগমীয়া কৰাৰ উদ্দেশ্যে ১৫ কোটি টকা ব্যয়সাপেক্ষে এটা সংগ্রহালয় গঢ়ি তোলাৰ বাবে মাটিয়াবাগত ১২ বিঘা ৩ কঠা আৰু ১৮ লেচা মাটি অধিগ্রহণত অনুমোদন।
এই প্রকল্পই পূৰ্বৰ গৌৰীপুৰ জমিদাৰী বাগিচাৰ অন্তৰ্গত গেম ৰিজ’ৰ্ট হাৱাখানাৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লগতে পর্যটনৰ বিকাশত সহায় কৰিব বুলি আশা কৰা হৈছে।
ৰাজ্যৰ ২ বিধায়কলৈ কেবিনেট মৰ্যাদা। শদিয়াৰ বিধায়ক বলিন চেতিয়া আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনক কেবিনেট মৰ্যাদা প্ৰদান।
বৰপেটা, বাক্সা, বজালী, নলবাৰী, কামৰূপ (মহানগৰ), কামৰূপ, নগাঁও, মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলাৰ শৈক্ষিক খণ্ড/ডি আই এছৰ মাজত ওপৰা–উপৰি স্কুলৰ বিত্তীয় আৰু প্রশাসনিক কার্যপন্থাৰ পুনঃসমন্বিতকৰণ।
এই নির্দিষ্ট শিক্ষা খণ্ড/ডি আই এছৰ ভৌগোলিক এলেকাৰ অধীনত অৱস্থিত আন খণ্ড/ডি আই এছৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহত প্রশাসনিক বিসংগতি হ্রাস কৰিব বুলি আশা কৰিছে কেবিনেটে।









