তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সাফল্য।
বহিঃৰাজ্যত অভিযান চলায় তিনিখন চোৰাং বাইক জব্দ কৰাৰ লগতে তিনিজনক আটক।
অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰত অভিযান চলাই তিনিখন বাইকসহ তিনিজন লোকক আটক কৰে আৰক্ষীয়ে।
জব্দকৃত বাইককেইখনৰ দুখন বাজাজ পালচাৰ আৰু এখন হিৰ’ ছুপাৰস্প্লেণ্ডাৰ বুলি জানিব পৰা গৈছে।
আটকাধীন লোক তিনিজনক অধিক তথ্যৰ সন্ধানত তিনিচুকীয়া সদৰ আৰক্ষী থানাত সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।









