ভয়ংকৰ পথ দুৰ্ঘটনা! পথৰ কাষত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা ছুইফট বাহনৰ, নিহত ৩ জন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

পথৰ কাষত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা ছুইফট বাহনৰ।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় তিনিজনকৈ লোক।

বৃহস্পতিবাৰে নিশা সোণাপুৰ নাজিৰাখাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

নিশা প্ৰায় ২ বজাত পথৰ কাষত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা এখন ছুইফট বাহনৰ।

জানিব পৰামতে, AS01BH9714 নম্বৰৰ ছুইফট বাহনখনে উজনি দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা এখন ML05 G5248 নম্বৰৰ ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা মাৰে।

তীব্ৰ বেগী আৰু পথৰ ওপৰত অবৈধ পাৰ্কিঙৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ স্থানীয়ৰ।

দুৰ্ঘটনাত নিহত হোৱা লোককেইজন গুৱাহাটী ফটাশিলৰ বাবন হালৈ (৩৪), ধীৰেণপাৰাৰ গৌতম বণিক (৫০) আৰু নগাঁৱৰ সুবল দাস বুলি চিনাক্ত কৰা হৈছে।