আজি অসমলৈ অহিব অমিত শ্বাহ! মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে বিশেষ পথ নিৰ্দেশনা…

আজি অসমলৈ অহিব অমিত শ্বাহ।

তিনিদিনীয়া ভ্ৰমণসূচীৰে একাধিক কাৰ্যসূচীত অংশগ্ৰহনৰ উদ্দেশ্যে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অমিত শ্বাহ।

৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া বানমুক্ত অসম সন্দৰ্ভৰ বৈঠকত অংশগ্ৰহন কৰাৰ উপৰিও ৮ অক্টোবৰৰ দিনা পুৱা ৯ বজাত ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ নৱ নিৰ্মিত কাৰ্যালয় গৃহৰ শুভ উদ্বোধন কৰিব মন্ত্ৰী অমিত শ্বাহে।

লগতে গৃহমন্ত্ৰী গৰাকীয়ে পুৱা ১০ বজাত ১১১টা মণ্ডল, জিলা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ৰ সমূহীয়া আধাৰশিলা কাৰ্যসূচীত অংশগ্ৰহন কৰাৰ লগতে বিয়লি ১ বজাত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা সন্মিলন সভা সম্বোধন কৰিব।

৯ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া উত্তৰ-পূব পৰিষদৰ পূৰ্ণাংগ অধিবেশন আৰু আৰক্ষী অধীক্ষকৰ ৰাজ্যিক পৰ্যায়ৰ বৈঠকত অংশগ্ৰহন কৰিব শ্বাহে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ বিভিন্ন কাৰ্যসূচীক লৈ মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে বিশেষ পথ নিৰ্দেশনা।

৭ অক্টোবৰৰ পুৱা ১১.৩০ৰ পৰা নিশা ১১ বজালৈ ২৭ আৰু ১৭ নং ৰাষ্ট্রীয় ঘাইপথত ৬ চকা বা তাৰ ওপৰৰ বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব।

৮ অক্টোবৰৰ পুৱা ৭ বজাৰ পৰা নিশা ১১.৩০  বজালৈ ২৭ আৰু ১৭ নং ৰাষ্ট্রীয় ঘাইপথত ৪ চকা বা তাৰ ওপৰৰ বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব।

আনহাতে ৯ অক্টোবৰৰ পথ নিৰ্দেশনা হৈছে–

পুৱা ৮ বজাৰ পৰা নিশা ১১.৩০ বজালৈ DG Road, AT Road, MG Roadত সকলো বাণিজ্যিক বাহন বন্ধ থাকিব। লগতে KLB Road, Taibulla Road, GNB Road, B Boruah Road, LGS Road তো বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল।