বৰপেটা জিলাৰ বাঘবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মন্দিয়া ব্লক কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক(প্ৰ) ৰফিকুল ইছলামক অসম প্ৰদেশ কংগ্ৰেছৰ পৰা বৰ্খাস্ত।
কোনোধৰণৰ দলীয় অনুমতি নোলোৱাকৈ বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত বন্ধ কাৰ্য্যসূচী আহ্বান জনোৱা বাবে দলে বৰ্খাস্ত কৰে ৰফিকুলক।
এক জাননিযোগে এই কথা প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে।
দলৰ অনুমতি নোলোৱাকৈ বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত দেওবাৰে আহ্বান কৰা বন্ধ কাৰ্য্যসূচীয়ে দলৰ ভৱমুৰ্তি বিনষ্ট কৰিছে বুলিও জাননীত উল্লেখ কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক(প্ৰশাসন) অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ স্বাক্ষৰ সম্বলিত নিলম্বন পত্ৰখন এপিচিচিৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙলৈয়ো প্ৰেৰণ কৰা হয়।
উল্লেখ্য যে, শ্বহীদক লৈ অপমানজনক মন্তব্য কৰা বাবে শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শ্বেৰমান আলীক।









