গীত,নৃত্যৰে লাখ লাখ জনতাক মোহছন্ন কৰা মাজুলী কমলাবাৰীৰ দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশু শিল্পী তেজশ্বিতা বৰুৱাৰ (১৪) আকস্মিক মৃত্যুত মৰ্মাহত ৰাজ্যবাসী।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱত সাংস্কৃতিক অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিবলৈ গৈ হঠাৎ অসুস্থ হৈ নামঘৰতে ঢলি পৰা তেজস্বিতা বৰুৱাক গড়মূৰৰ জিলা চিকিৎসালয়লৈ নিয়া হৈছিল যদিও অকাল মৃত্যুক সাৱতি ল’লে তেজস্বীতাই।

কিন্তু তেজস্বিতাৰ মৃত্যুৰ পাছতেই এটাৰ পিছত আন এটা অভিযোগ মাজুলীৰ স্বাস্থ্যখণ্ডলৈ।
ৰাইজৰ অভিযোগ চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই অকাল মৃত্যুক সাৱটি লৈছে মাজুলীৰ কমলাবাৰী দৰিয়া গাঁৱৰ উদীয়মান কণ্ঠশিল্পী তেজস্বিতাই।
মাজুলীৰ দৰিয়া গাঁৱৰ ৰাইজ আৰু পৰিয়ালৰ লোকে কৰা অভিযোগ অনুসৰি, গড়মূৰৰ জিলা চিকিৎসালয়ত প্ৰায় এক-ডেৰ ঘন্টা অজ্ঞান হৈ থকাৰ পিছতো তেজস্বিতাক অক্সিজেনৰ যোগান বা আই চি ইউত ভৰ্তি নকৰাকৈ বেজী চেলাইন দিয়েই দায়িত্ব সামৰে চিকিৎসালয়খনে।

এই ঘটনাৰ পিছতে নিলম্বন কৰা হৈছে মাজুলী গড়মূৰ চিকিৎসালয়ৰ অধীক্ষকক।
কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ পাছতে স্বাস্থ্য বিভাগে নিলম্বন কৰে অধীক্ষক অমূল্য গোস্বামীক।
আনহাতে ডাঃ কিশোৰ কুমৰ বৰ্মনক দিয়া হৈছে চিকিৎসালয়খনৰ অধীক্ষকৰ দায়িত্ব।









