শোকাবহ! ঘৰত বন্ধুৰ সৈতে টিভি চাই থাকোঁতেই হঠাৎ ঘটা বিস্ফোৰণত কিশোৰৰ মৃত্যু, বন্ধু আৰু মাতৃ আহত

নিউজ ডেস্ক। ঘৰত টিভি চাই থাকোতেই হঠাৎ টিভি বিস্ফোৰণ ঘটি প্ৰাণ হেৰুৱাবলগীয়া হল এটি ১৭ বছৰীয়া কিশোৰে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ টিলা মৰ অঞ্চলৰ হৰ্ষ বিহাৰত।

জানিব পৰা মতে, পেছাত অটো ৰিক্সাচালক নিৰঞ্জনৰ ১৭ বছৰীয়া পুত্ৰ অমেন্দ্ৰ আৰু তেওঁৰ বন্ধু কৰণে ঘৰত টিভি চাই আছিল।

G5
শোকাবহ! ঘৰত বন্ধুৰ সৈতে টিভি চাই থাকোঁতেই হঠাৎ ঘটা বিস্ফোৰণত কিশোৰৰ মৃত্যু, বন্ধু আৰু মাতৃ আহত 2

সেই সময়তে হঠাৎ এলইডি টিভিটো প্ৰচণ্ড বিস্ফোৰণ ঘটি সমগ্ৰ কোঠাটো ধোঁৱাময় হৈ পৰে।

ইফালে বিস্ফোৰণৰ শব্দ শুনি ঘটনাস্থলীত ওচৰ চুবুৰীয়া উপস্থিত হৈ সেই সময়ত ঘৰৰ ভিতৰত থকা অমেন্দ্ৰ, বন্ধু কৰণ আৰু মাতৃ উমাৱতীক উদ্ধাৰ কৰে।

কিন্তু তেতিয়ালৈকে মৃত্যু ঘটিছিল অমেন্দ্ৰৰ। আহত দুগৰাকীক স্থানীয় লোকে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱায়।

গাজিয়াবাদ চিটিৰ আৰক্ষী অধীক্ষক জ্ঞানেন্দ্ৰ কুমাৰ সিঙে জনোৱা মতে, দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত আছে।

হাই ভল্টেজৰ বাবে এল ই ডি টিভিটো বিস্ফোৰণ হোৱাৰ সন্দেহ কৰা হৈছে।