ভয়ংকৰ পথ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ খাৱৈত পৰিল তীব্ৰবেগী চাৰিচকীয়া বাহন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ’ খাৱৈত পৰিল তীব্ৰবেগী চাৰিচকীয়া বাহন।

নগাঁৱ জিলাৰ গোঁসাইবড়িত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰামতে, AS 02U 6672 নম্বৰৰ এখন চাৰিচকীয়া বাহনে নগাঁৱৰ পৰা পূজা চাই গোঁসাইবড়ি হৈ চাপৰমুখলৈ গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এটা দ’ খাৱৈত সোমাই পৰে।

দুৰ্ঘটনাটোৰ ফলত এগৰাকী যুৱকসহ এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হয়।

আহত দুয়োকে স্থানীয় ৰাইজে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাহনখন উদ্ধাৰ কৰে।