৬ অক্টোবৰত BTRত স্থানীয় বন্ধ ঘোষণা…

অহা ৬ অক্টোবৰত BTRত স্থানীয় বন্ধ ঘোষণা।

প্ৰয়াত বিধায়ক কমেন্দ্ৰ বসুমতাৰীৰ প্ৰতি সন্মান জনায় স্থানীয় বন্ধ ঘোষণা।

সেই অনুসৰি কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, তামুলপুৰত বন্ধ থাকিব শিক্ষানুষ্ঠানৰ লগতে চৰাকাৰী কাৰ্যালয়।

উল্লেখ্য যে, ৩ অক্টোবৰত শেষ নিশ্বাস ত্যাগ কৰিছিল মাজবাট সমষ্টিৰ প্ৰাক্তন বিধায়ক কমেন্দ্ৰ বসুমতাৰীয়ে।

দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে।

মাজবাট সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছিল বসুমতাৰীয়ে।