ছাত্ৰৰ ৰূপত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু।
শনিবাৰে শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে আনুস্থানিকভাবে নামভৰ্ত্তি কৰে সংস্কৃত ভাষাৰ এক দুবছৰীয়া পাঠ্যক্ৰমত।
মূলত সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নিজে সংস্কৃত ভাষাত জ্ঞান আহৰণৰ লক্ষ্যৰে শিক্ষা মন্ত্ৰী পেগুৱে এই পাঠ্যক্ৰমত নামভৰ্ত্তি কৰিছে বুলি মন্তব্য কৰে।
শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে সংস্কৃত ভাষাৰ পাঠ্যক্ৰমত নাম ভৰ্তি কৰাৰ সময়ত লগত সংস্কৃত ভাৰতী উত্তৰ-পূৰ্বাঞ্চল(ট্ৰাষ্ট)ৰ অধ্যক্ষ উদয় আদিত্য গোস্বামী, সংস্কৃত ভাৰতী(অসম প্ৰান্ত)ৰ সাংগঠনিক সম্পাদক ভৱেশ শইকীয়া, সংস্কৃত ভাৰতী অসম প্ৰান্তৰ অধ্যক্ষ কুমুদ বৰঠাকুৰ, শ্ৰী শ্ৰী দক্ষিণপট সত্ৰৰ প্ৰদুন্ম্য দত্ত আদি ব্যক্তিসকল উপস্থিত থাকে।
শিক্ষামন্ত্ৰীগৰাকীৰ এই সিদ্ধান্তক আদৰণি জনাইছে বহু লোকে।









