দুৰ্ঘটনাত আহত শিশুৰ চিকিৎসাৰ বুজ ল’বলৈ গৈ উচুপি উঠিল এগৰাকী মহিলা সংমণ্ডল আয়ুক্ত, চাদৰৰ আঁচলেৰে মচিলে চকুপানী…

নিউজ ডেস্কঃ দুৰ্ঘটনাত আহত এটি শিশুৰ হাস্পতালত চিকিৎসাৰ বুজ লোৱাৰ সময়তে উচুপি উঠিল এগৰাকী সংমণ্ডল আয়ুক্ত।

চাদৰৰ আঁচলেৰে চকুলো মচি আহতৰ শিশুটিৰ মাতৃৰ সৈতেও মত বিনিময় কৰে মহিলা সংমণ্ডল আয়ুক্তগৰাকীয়ে।

উল্লেখ্য যে, বুধবাৰে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা।

এখন যাত্ৰীবাহী বাছ আৰু এখন ট্ৰাকৰ সংঘৰ্ষত নিহত হয় কমেও ৭ জন লোক।

আনহাতে দুৰ্ঘটনাটোত আহত হয় আন ১৮ জনকৈ লোক।

এই দুৰ্ঘটনাতেই আঘাতপ্ৰাপ্ত হৈ হাস্পতালত চিকিৎসাধীন হৈ থকা এটি শিশুৰ চিকিৎসাৰ বুজ ল’বলৈ উপস্থিত হৈ খেৰীৰ সংমণ্ডল আয়ুক্ত ড০ ৰোশণ জেকব।

হাস্পতালত তেওঁ শিশুটি আৰু মাতৃৰ সৈতে কথা পতাৰ সময়ত উচুপি উঠা দেখা যায়।

চাদৰৰ আঁচলেৰে তেওঁ চকুলো মচি দুৰ্ঘটনাত আহত সকলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সংমণ্ডল আয়ুক্ত ড০ ৰোশণ জেকবৰ হাস্পতালৰ সেই আবেগিক দৃশ্য।