ৰাইজৰ হাতত আটক দুটাকৈ দুৰ্ধৰ্ষ ডকাইত, জব্দ- পিষ্টল-ডেগাৰ…

ৰাইজৰ হাতত আটক দুটাকৈ দুৰ্ধৰ্ষ ডকাইত।

মুকালমুৱাৰ শনিৰোডত পিষ্টলসহ পুৱতি নিশা দুটাকৈ ডকাইতক কৰায়ত্ব কৰা হয়।

ডকাইত দুটাৰ পৰা এটি পিষ্টলসহ এখন ডেগাৰ উদ্ধাৰ কৰে ৰাইজে।

পুৱতি নিশা শনিৰোডৰ মাছ বজাৰত সন্দেহজনকভাৱে ঘুৰি থাকোঁতে ৰাইজে কৰায়ত্ব কৰে ডকাইত দুটাক।

ধৃত ডকাইত দুটা ৰঞ্জন কলিতা আৰু বাবলু ৰাজবংশী।

ধৃত ৰঞ্জন কলিতাৰ ঘৰ বঙাইগাঁৱৰ অভয়াপুৰীত।

আৰু বাবলু ৰাজবংশীৰ ঘৰ গুৱাহাটীত বুলি জানিব পৰা গৈছে।

অৱশ্যে ঘটনাস্থলীৰ পৰা আৰক্ষীৰ পোচাকত অহা দুটাকৈ ডকাইতে পলায়ন কৰে।

দুয়ো মুকালমুৱাৰ সাপকাতাত ভাড়াতীয়া হিচাপে থাকি দিনৰ পোহৰত বাচন বৰ্তন বিক্ৰী কৰি আহিছিল।

মুকালমুৱা আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে।