অসম আৰক্ষীৰ সফলতা।
যোৰাবাটৰ পৰা সন্ধানহীন হোৱা ট্ৰাক মেঘালয়ৰ জোৱাইৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।
কামৰূপ মহানগৰ জিলাৰ যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
যোৱা ২৭ জুলাইত যোৰাবাটৰ ১১ মাইলৰ পৰা নোহোৱা হৈছিল ৬ চকীয়া ট্রাক খন।
পিছত ট্ৰাকৰ গৰাকীৰ এজাহাৰৰ ভিত্তিত যোৰবাট আৰক্ষীয়ে চলোৱা এক অভিযানত ট্রাকখন উদ্ধাৰ হোৱাৰ লগতে এজন লোক আটক হৈছে।
আটক কৰা লোকজন হ’ল মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ এণ্ডোৰ দখৰ।
জানিব পৰা মতে এ এছ ১ ডি ডি ১৭৭৭ নম্বৰৰ ট্ৰাকখন যোৰাবাটৰ পৰা নি মেঘালয়ৰ জোৱাইত নম্বৰ প্লেটবিহীনভাৱে চলাই আহিছিল।
এই খবৰ যোৰাবাট আৰক্ষীয়ে লাভ কৰি উক্ত ঠাইত অভিযান চলাই ট্রাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।









