অতি মৰ্মান্তিক! ঘৰৰ সমীপতে খেলি থাকোতে দ’ খাৱৈত পৰি সলিল সমাধি ঘটিল দুটি কণমানিৰ…

এক অতি মৰ্মান্তিক ঘটনা।

খেলি থাকোতে দ’ খাৱৈত পৰি সলিল সমাধি ঘটিল দুটি কণমানিৰ।

বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত কুমাৰকটা গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

ঘৰৰ সমীপতে খেলি থাকোতে দুটি কণমানি শিশু দ’ খাৱৈত পিচলি পৰি মৃত্যু ঘটে।

শিশু দুটি কুমাৰকটা চতুর্থ খণ্ড (বৈৰাগীপাৰা) গাঁৱৰ বৈদ্য পালৰ পুত্ৰ অপূর্ব পাল (৪) আৰু কংস ৰায়ৰ পুত্ৰ কৃষ্ণ ৰায় (৫)।

জানিব পৰা মতে, দুপৰীয়া দুই কণমানি শিশুয়ে ঘৰৰ সমীপতে খেলি থকা সময়তে কাষতে থকা দ’ খাৱৈত পিচলি পৰি যায়।

পিছত স্থানীয় লোকে শিশু দুটিক উদ্ধাৰ কৰি বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে শিশু দুটিক মৃত বুলি ঘোষণা কৰে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে শোকৰ ছাঁ।