নিউজ ডেস্ক। অসম চৰকাৰে আলফা (স্বাধীন)ৰ সৈতে আলােচনাৰ জৰিয়তে অসমত স্থায়ী শান্তি স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ মাজতে নিষিদ্ধ সংগঠনটােৱে তীব্ৰতৰ কৰি তুলিছে নতুন সদস্যভৰ্তি অভিযান।
সেনা-আৰক্ষীৰ এক শেহতীয়া অভিযানত ফাদিল হৈছে এই তথ্য।
আলফা (স্বাধীন)ত যােগদান কৰিবলৈ ম্যানমানলৈ যাত্ৰাৰম্ভ কৰাৰ মুহূৰ্ততে আটক হৈছে ৭ জনকৈ যুৱক।

আটকাধীন যুৱক কেইজনৰ নাম হৈছেঃ প্ৰফুল্ল ফুকন, মনোৰঞ্জন দুৱৰা, ভাস্কৰ গগৈ, পংকজ গগৈ, সমৰজিৎ লহকৰ, বিকি ৰাজখোৱা আৰু বিতুল বৰুৱা।
জানিব পৰা মতে, চােৰাংচােৱাৰ খবৰৰ ভিত্তিত চৰাইদেউ আৰক্ষী আৰু সেনা যুটীয়া অভিযানত সোণাৰিৰ জবকাত আটক হ’ল যুৱককেইজন।
Troops of #RedShieldDivision of @Spearcorps alongwith #AssamPolice busted a ULFA-I recruitment module, leading to apprehension of 7 youth on way to join ULFA training camp. Handed over to Police.@adgpi@easterncomd @mygovassam @DGPAssamPolice @anandmishraips @atanubhuyan pic.twitter.com/mmbogJff1m
— SpearCorps.IndianArmy (@Spearcorps) September 30, 2021
অধিক তথ্যৰ বাবে সোণাৰি আৰক্ষী থানাত সােধা-পােচা অব্যাহত ৰাখিছে আৰক্ষীয়ে।









