হঠাতে বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া।
বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ মুখ্যমন্ত্ৰীৰ পৰা বিভাগীয় মন্ত্ৰী-বিধায়কলৈ সকলোৰে ভিন্ন মন্তব্যই বিপদত পেলাইছে সাধাৰণ জনতাক।
ইয়াৰ মাজতে মঙলবাৰে পুনৰ বিদ্যুতৰ মাচুল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী শৰ্মাই কয়- ‘APDCL-এ আজি বিজ্ঞাপন প্রকাশ কৰিব’। ‘বিদ্যুৎ বিলক লৈ সমস্যা থকা পৰিয়ালে আবেদন কৰিব লাগিব।’
ইয়াৰ উপৰিও প্ৰত্যেকে নিজৰ এলেকাৰ APDCLৰ কাৰ্যালয়ত আবেদন কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
আনহাতে, বিদ্যুৎ বিভাগৰ কৰ্মীয়ে ঘৰলৈ গৈ মিটাৰসমূহ পৰীক্ষা কৰিব আৰু যদি কোনো বিসংগতি ধৰা পৰে তেন্তে পৰৱৰ্তী বিলৰ সৈতে মূল্য মিলাই দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।









