শীঘ্ৰেই গ্ৰেছ মাৰ্কপ্ৰাপ্ত ১২৯৮গৰাকী টেট উত্তীৰ্ণ শিক্ষকক দিয়া হ’ব নিযুক্তিঃ শিক্ষামন্ত্ৰী…

শীঘ্ৰেই ৰাজ্যত গ্ৰেছ মাৰ্কপ্ৰাপ্ত ১২৯৮গৰাকী টেট উত্তীৰ্ণ শিক্ষকক নিযুক্তি প্ৰদান কৰিব চৰকাৰে।

সংবাদমেলযোগে মঙলবাৰে এই কথা সদৰি কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুই।

পেগুৱে কয় যে, এই বিষয়টো সন্দৰ্ভত গোচৰ আছে যদিও উচ্চ ন্যায়ালয়ে দিয়া বাধা আঁতৰ হৈছে। ২৩ তাৰিখে ১,২৯৮ গৰাকী গ্ৰেছমাৰ্ক প্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। পাঠদানৰ ক্ষেত্ৰত শিক্ষকৰ অভাৱৰ বাবে এই নিযুক্তি সোনকালে লোৱা হ’ব। এই নিযুক্তি চৰ্তসাপেক্ষ হ’ব।

লগতে ২৩ ছেপ্টেম্বৰত শিক্ষা বিভাগত ৪,৭১৭ গৰাকীক নিযুক্তি দিয়া হ’ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

তেওঁ কয়- নিযুক্তিৰ কাম খৰতকীয়াকৈ কৰাৰ বাবে অহৰ্নিশে কাম কৰি আছো। পুনৰ ১০ হাজাৰ নিযুক্তি বিভিন্ন বিভাগত প্ৰদান কৰা হ’ব। শিক্ষাবিভাগত নিযুক্তি লাভ কৰিব ৪৮১৭গৰাকীয়ে।

লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে ৭২২গৰাকী কলেজ শিক্ষককো নিযুক্তি দিয়া হ’ব বুলি প্ৰকাশ কৰে।