ৰাজ্যত সঘনাই গ্ৰেপ্তাৰ হৈছে বাংলাদেশী নাগৰিক।
বিশ্বনাথত আৰক্ষীয়ে ১৭জনকৈ বাংলাদেশী নাগৰিকক আটক কৰাৰ পিছতে আজি নিউ বঙাইগাওঁ ৰে’লৱে ষ্টেচনত দুজন অবৈধ বাংলাদেশী নাগৰিক আটক হয়।
পুৰী-কামাখ্যা এক্সপ্ৰেছৰ পৰা কৰায়ত্ব কৰা দুই বাংলাদেশী য়ুৱক হৈছে- সুমন শ্বেখ আৰু আহিজুল শ্বেখ বুলি চিনাক্ত কৰা হৈছে।
ধৃত দুই যুৱকৰ ঘৰ বাংলাদেশৰ খুলনা জিলাত।
ইফালে পুৱাই দুই বাংলাদেশী যুৱক চিনাক্ত হোৱাত নিউ বঙাইগাওঁ ষ্টেচনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
বজৰং দলে কৰায়ত্ত কৰা দুই বাংলাদেশীক ৰে’লৱে আৰক্ষীয়ে প্ৰথমে নিজৰ জিম্মত ল’বলৈ অস্বীকাৰ কৰে।
ফলত বজৰং দলৰ সদস্যসকলে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। অৱশ্যে পৰৱৰ্তী সময়ত বজৰং দলৰ এজাহাৰৰ ভিত্তিত ৰেল আৰক্ষীয়ে দুয়োকে নিজৰ জিম্মাত লয়।
ইপিনে দুই বাংলাদেশী চিনাক্ত হোৱাৰ পিছতে এক ভয়ংকৰ তথ্য ফাদিল হৈছে।
অবৈধ বাংলাদেশীক অসমত প্ৰৱেশৰ বাবে লাগে মাত্ৰ ৫ হাজাৰ টকা।
ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশৰ বাবে এক নিৰ্দিষ্ট চক্ৰক ৫ হাজাৰ টকা দিলেই অনায়াসে প্ৰৱেশ কৰিব পাৰি ভাৰতত।
চিনাক্ত হোৱা দুই বাংলাদেশী যুৱকে প্ৰকাশ কৰা ভাষ্যত আন্তঃৰাাষ্ট্ৰীয় সীমান্ত পাৰ কৰি বাংলাদেশৰ পৰা অসমলৈ বাংলাদেশীক প্ৰৱেশ কৰোৱাৰ চক্ৰটোৰ সবিশেষ প্ৰকাশ পাইছে।









