মৰ্মান্তিক! ছবিগৃহত হঠাতে অসুস্থ হৈ পৰিল মহিলা, মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

আত্মীয়ৰ সৈতে ছবিগৃহত ছবি চাই থাকােতে মৃত্যু ঘটিল এগৰাকী মহিলাৰ।

ডিব্ৰুগড় চহৰত সংঘটিত হৈছে এক অঘটন।

মৃত মহিলাগৰাকীৰ নাম পায়েল আগৰৱালা (৪৫) বুলি জানিব পৰা গৈছে।

G1 5
মৰ্মান্তিক! ছবিগৃহত হঠাতে অসুস্থ হৈ পৰিল মহিলা, মৃত্যু 2

জানিব পৰা মতে, আত্মীয়ৰ সৈতে ‘ব্ৰহ্মাস্ত্ৰ’ নামৰ ছবি চাই থকা সময়তে আকস্মিক মৃত্যু মহিলাগৰাকীৰ।

দেওবাৰে নিশা ডিব্ৰুগড় চহৰস্থিত শ্বোহমৰ গেলেৰিয়াত ব্ৰহ্মাস্ত্ৰ নামৰ চিনেমাখন চাই থকা অৱস্থাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ বন্ধ হৈ পৰে।

লগে লগে মহিলাগৰাকীক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক শোকৰ ছাঁ পৰিছে।