শোকাৱহ! অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষ, নিহত ৰঞ্জু বুঢ়াগোঁহাই…

এক শোকাৱহ পথ দুৰ্ঘটনা।

অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন যুৱক।

সোণাৰিত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা।

নিহত যুৱকজন তিয়কবাৰীৰ ২৮ বছৰীয়া ৰঞ্জু বুঢ়াগোঁহাই বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰামতে, যুৱকজনে এখন AS 04 Y8932 নম্বৰৰ টিভিএছ আপাছি বাইকেৰে সোণাৰি নগৰৰ পৰা অৰুণাচললৈ বুলি গৈ থকা অৱস্থাতে AS30 6476 নম্বৰৰ এখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

ফলত থিতাতে নিহত হয় ৰঞ্জু বুঢ়াগোঁহাই নামৰ যুৱকজন।

ব্যৱসায়ীৰ জৰিয়তে স্বাৱলম্বী হোৱা যুৱকজনৰ মৃত্যুৰ খবৰে এতিয়া সোণাৰি নগৰত শোকৰ ছাঁ পেলাইছে।