অসমঅসমীয়া

বগীবিল দলঙৰ সমীপত টোলগেট স্থাপনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আছুৰ

নিউজ ডেস্ক। ৰাজ্যৰ বহু ঠাইত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য আধৰুৱা হৈ থকাৰ বাবে জনসাধাৰণে জীয়াতু ভুগিবলগীয়াত পৰিছে। তাৰ পাছতে নতুন নতুন টােলগ’ট স্থাপনৰ কাম চলিছ ব্যাপক তৎপৰতাৰে।

এইবাৰ টোলগেটৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদত নামিল সদৌ অসম ছাত্ৰ সন্থা।

Members-of-All-Assam-Students-Union-AASU-Staging-a-human-chain-Protest-demanding-on-remove-the-toll-

ধেমাজি-ডিব্ৰুগড় সংযোগী বগীবিল দলং মুকলিৰ তিনিটা বছৰৰ পাছত ১৫ নং(বি) ৰাষ্ট্ৰীয় ঘাইপথৰ বগীবিল দলঙৰ সমীপৰ দক্ষিণপাৰৰ বুঢ়াসজাত নিৰ্মাণ কৰা টোলগেট বন্ধৰ দাবীত তিনিখন জিলাৰ ছাত্ৰ সন্থাই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

সােমবাৰে দুপৰীয়া আছুৰ ডিব্ৰুগড়, ধেমাজি আৰু লখিমপুৰ জিলা ছাত্ৰ সন্থাই বগীবিলৰ নিৰ্মীয়মান টোলগেটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

আছুৰ সহস্ৰাধিক কৰ্মীয়ে টোলগেটৰ বিৰুদ্ধে মানৱ-শৃংখল কাৰ্যসূচীৰে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

Members-of-All-Assam-Students-Union-AASU-Staging-a-human-chain-Protest-demanding-on-remove-the-toll-

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে টোলগেট স্থাপন কৰি সাধাৰণ ৰাইজক মাধমাৰ শোধাব বিচৰা কোনো কাৰ্যক আছুৱে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে।

একেদৰে ডিব্ৰুগড়, ধেমাজি আৰু লখিমপুৰ জিলাৰ ৰাইজক টোল কৰ ৰেহাই দিয়া, অসমৰ সকলো ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলক টোল কৰ ৰেহাই দিয়াৰ দাবী উত্থাপন কৰিছে আছু নেতৃত্বই।

প্ৰতিবাদী কাৰ্যসূচীত অন্তত ডিব্ৰুগড় জিলা উপায়ুক্তৰ জৰিয়তে ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ আৰু ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই পৃথকে পৃথকে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *