চৰকাৰী চাকৰিৰ নামত দালালি কৰা মাষ্টাৰ মাইণ্ড কুহিৰাম ডেকাক আটক…

চৰকাৰী চাকৰিৰ নামত দালালি কৰা মাষ্টাৰ মাইণ্ড কুহিৰাম ডেকাক আটক।

দিছ্পুৰ আৰক্ষীয়ে মঙলদৈৰ পৰা আটক কৰে কুহিৰাম ডেকাক।

জলসম্পদ বিভাগৰ চাকৰিৰ নামত দালালিৰ অভিযোগত দৰং আৰক্ষীয়ে দিছপুৰ আৰক্ষীৰ তথ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে।

image 99
চৰকাৰী চাকৰিৰ নামত দালালি কৰা মাষ্টাৰ মাইণ্ড কুহিৰাম ডেকাক আটক... 2

ইতিমধ্যে চৰকাৰী চাকৰিৰ নামত দালালি কৰা ৭ দালালক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে।

দেওবাৰে নিশা বৰবাৰীৰ জিডি ল’জত দিশপুৰ আৰক্ষীয়ে অভিযান কৰি গ্ৰেপ্তাৰ কৰিছে দালাল কেইটাক।

গ্ৰেপ্তাৰ হোৱা অভিযুক্তই নাম লৈছিল কুহিৰাম ডেকাৰ।

আনহাতে বৰ্তমানেও পলাতক হৈ আছে মাষ্টাৰমাইণ্ড তেজপুৰৰ ৰফিকুল হুছেইন। লগতে পলাতক বৰপেটাৰ আজিজুৰ ওৰফে আজিজুল।

ছীল মোহৰ সকলো আনিছিল আজিজুলে।

স্বাস্থ্য, জলসম্পদ, সমাজকল্যাণ বিভাগ আদি বিভিন্ন বিভাগৰ নিযুক্তি পত্ৰ কৰিছিল জালিয়াতি।