৯৯ বছৰীয়া জন্মদিন উদযাপনৰ এসপ্তাহ পিছতে মহাপ্ৰয়াণ শংকৰাচাৰ্য্য স্বামী স্বৰূপানন্দ সৰস্বতীৰ

নিউজ ডেস্কঃ ৯৯ সংখ্যক জন্মদিন উদযাপনৰ এসপ্তাহ পিছতে মহাপ্ৰয়ান ঘটিল শংকৰাচাৰ্য্য স্বামী স্বৰূপানন্দ সৰস্বতীৰ।

দেওবাৰে মধ্যপ্ৰদেশৰ নৰসিংহপুৰৰ ঝোটেশ্বৰ মন্দিৰত শেষ নিশ্বাস ত্যাগ কৰে স্বামীগৰাকীয়ে।

উল্লেখ্য যে, যোৱা ৩ ছেপ্টেম্বৰত শংকৰাচাৰ্য্য স্বামী স্বৰূপানন্দ সৰস্বতীয়ে তেওঁৰ ৯৯ সংখ্যক জন্মদিন উদযাপন কৰিছিল।

image 84
৯৯ বছৰীয়া জন্মদিন উদযাপনৰ এসপ্তাহ পিছতে মহাপ্ৰয়াণ শংকৰাচাৰ্য্য স্বামী স্বৰূপানন্দ সৰস্বতীৰ 2

দ্বাৰকাৰ শৰ্দা পীঠ আৰু জ্যোতিৰ্মথ বদ্ৰীনাথৰ শংকৰাচাৰ্য্য হিচাপে দীৰ্ঘ সময় ইশ্বৰৰ আৰাধনাত ব্ৰতী আছিল স্বামী স্বৰূপানন্দ সৰস্বতী।

ৰাম মন্দিৰ নিৰ্মাণৰ বাবেও তেওঁ দীঘলীয়া আইনী যুঁজ চলাইছিল। লগতে স্বাধীনতা আন্দোলনতো অংশ লোৱা স্বৰূপানন্দ সৰস্বতীক হিন্দুসকলৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু হিচাপে গণ্য কৰা হৈছিল।