কুকুৰ নহয়, ঘৰত শিয়াল পুহিছিল কলিয়াবৰৰ জয়ৰামে! এতিয়া পৰিছে বিপাঙত…

নিউজ ডেস্কঃ বনৰ টেঙৰ শিয়াল এতিয়া হৈ পৰিছে ঘৰচীয়া। কলিয়াবৰৰ শিলঘাটৰ এগৰাকী ব্যক্তিয়ে ঘৰত শিয়াল পুহি এতিয়া হাত দিছে মূৰে-কপালে। কুকুৰ বা অন্য ঘৰচীয়া প্ৰাণীৰ দৰেই হৈ পৰা এই শিয়ালটোৱে এফালৰ পৰা মাৰি তহিলং কৰিছে গৃহস্থৰ হাঁহ-কুকুৰা।

দৰাচলতে কিছুদিন পূৰ্বে ৰাজ্যজুৰি চলা বানৰ তাণ্ডৱৰ মাজতে শিলঘাটৰ জয়ৰাম ৰাজভৰ নামৰ ব্যক্তিজনে বানত উদ্ধাৰ কৰিছিল দুটা কণমানি শিয়ালৰ পোৱালি।

photo1662632613
কুকুৰ নহয়, ঘৰত শিয়াল পুহিছিল কলিয়াবৰৰ জয়ৰামে! এতিয়া পৰিছে বিপাঙত... 2

মাতৃহীনা পোৱালি দুটা এৰি থৈ আহিলে মৃত্যু মুখত পৰিব বুলি জানি ব্যক্তিজনে শিয়াল পোৱালি দুটাক ঘৰলৈ আনি ঘৰচীয়া প্ৰাণীৰ দৰেই ৰাখিবলৈ আৰম্ভ কৰে।

অৱশ্যে কিছুদিনৰ পিছতে মৃত্যু ঘটে এটা পোৱালিৰ। বাকী পোৱালিটোক গাখীৰ, ভাত খুৱাই ডাঙৰ দীঘল কৰে জয়ৰাম ৰাজভৰৰ পৰিয়ালে।

কিন্তু ঘৰত থাকিলেও শিয়ালৰ স্বভাৱ সলনি নহয়। ডাঙৰ হোৱাৰ লগে লগে শিয়ালটোৱে গৃহস্থৰ হাঁহ-কুকুৰাৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিবলৈ ধৰে। যাৰ বাবে শিয়ালটোক শিকলিৰে বান্ধি ৰাখিবলগীয়া হয় গৃহস্থই।

এতিয়া শিয়ালটোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ বা অন্য প্ৰকৃতি প্ৰেমী সংগঠনৰ হাতত গতাই দিয়াৰ ইচ্ছা ব্যক্ত কৰিছে জয়ৰাম ৰাজভৰে।

অঞ্চলটোত প্ৰকৃতিপ্ৰেমী হিচাপে পৰিচিত জয়ৰামে জানিবলৈ দিয়া মতে, পূৰ্বেও তেওঁ হৰিণ পোৱালি আৰু ডলফিন আদি উদ্ধাৰ কৰি ঘৰত শুশ্ৰূষা কৰি পিছত বন বিভাগৰ হাতত চমজাই দিছিল।