এক অতি শোকাৱহ ঘটনা।
বৰলৰ কামোৰত প্ৰাণ হেৰুৱালে এটি ৫ বছৰীয়া কণমানিয়ে।
হাজোৰ দামপুৰৰ আমদলাত সংঘটিত হৈছে এই কৰুণ ঘটনাটো।
জানিব পৰা মতে, ঘৰৰ চোতালত খেলি থকা সময়তে এটি ৫ বছৰীয়া কণমানিক কামুৰিছিল বৰ বৰলে।
ইয়াৰ পিছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰি কন্যা শিশুটিক ভৰ্তি কৰোৱা হৈছিল শুৱালকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত।
কিন্তু বৰলৰ কামোৰত অসহ্য যন্ত্ৰণাত চটফটাই অৱশেষত দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি লয় শিশুটিয়ে।
এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।









