আৰক্ষীৰ অভিযানত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ…

আৰক্ষীৰ অভিযানত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ।

শোণিতপুৰৰ মিছামাৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ-সস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

বেলশীৰি নৈ পাৰত কামেংবাৰী চাহ বাগিচাৰ জংঘলত মাটিত এটা বাকচত পুতিথোৱা অৱস্থাত উদ্ধাৰ হয় অস্ত্ৰ-শস্ত্ৰখিনি।

শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাসৰ নেতৃত্বত মিছামাৰী থানা আৰু ফ’ৰ কৰৰ সেনাৰ চোৰাং চোৱা বাহিনীয়ে গোপন সূত্ৰৰ পম খেদি এই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰখিনি জব্দ কৰে।

জব্দ কৰা অস্ত্ৰ সমূহৰ ভিতৰত আছে ১টা হাতে সজা পিষ্টল, ৬টা পিষ্টল , ৩টা হাতে সজা বন্ধুক,২ টা হাতে সজা বেৰেল , দুটা ৩৬হেন গ্ৰেনেড ,১টা Ak47 মেগজিন, ৭ টা পিষ্টল মেজজিন ,পাকিস্থানত নিৰ্মিত এমএমজি ৩২ৰাউণ্ড গুলী, ২ টা পেন পিষ্টল, এচএলআৰ ৫৪টা সজীৱ গুলী, ১৫ পইন্ট ২২ সজীৱ গুলী, ২৩ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী।

কোনো উগ্ৰপন্থী সংগঠনে বৃহৎ পৰিমাণৰ অস্ত্ৰখিনি মাটিত পুতি থোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

কোনো কূটাঘাটৰ বাবে এই বিস্ফোৰক সামগ্ৰি সমূহ মজুত ৰখাৰো সন্দেহ কৰা হৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।