লখিমপুৰৰ বঙালমৰাত চাঞ্চল্যকৰ দিন ডকাইতিৰ ঘটনা।
মাৰণাস্ত্ৰ দেখুৱাই দিন দুপৰতে লুটি নিলে ২ লাখ টকা।
১ নং আহমেদপুৰৰ নেমু বাগানত সংঘটিত হয় দিন ডকাইতিৰ এই ঘটনা।
চাৰিজনীয়া ডকাইতৰ দলে পিষ্টল দেখুৱাই কাঢ়ি নিলে CSP মালিকৰ টকাৰ বেগ।
জহুৰ উদ্দিন আহমেদ নামৰ CSP ৰ মালিক জনৰ পৰা ডকাইতে লুটিলে প্ৰায় ২ লাখ টকা।
চাৰিজনীয়া ডকাইতৰ দলটো আহিছিল দুখন বাইকত।
গুলীয়াই হত্যা কৰাৰ ভাবুকি দি ডকাইতৰ দলটোৱে টকাৰ বেগ কাঢ়ি পলায়ন কৰে।
ইয়াৰ পিছতেই ঘটনাস্থলীত বঙালমৰা আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনা সংক্ৰান্তত অভিযান আৰম্ভ কৰিছে।









