নিৰ্মম! লিফ্টৰ ভিতৰত শিশুক আক্ৰমণ পোহনীয়া কুকুৰৰ, বিষত কান্দি থকা দেখিও নিশ্চুপ হৈ চাই থাকিল হৃদয়হীনা মহিলাই…

নিউজ ডেস্কঃ এই পৃথিৱীত যিমানেই ভাল মানুহ আছে, তাতোকৈও বেছি আছে কঠোৰ হৃদয়ৰ মানুহ। তেনে নিৰ্দয় এগৰাকী মহিলাৰ এটা ভিডিঅ’ই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত। মহিলাগৰাকীক হিচাব বিহীন ককৰ্থনা কৰিছে নেট ব্যৱহাৰকাৰীসকলে।

এই ঘটনা উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ। চহৰখনৰ ৰাজনগৰৰ এখন ছ’চাইটিৰ এটা লিফ্টত পোহনীয়া কুকুৰ লৈ যাত্ৰা কৰা এগৰাকী মহিলাৰ নিৰ্দয় আচৰণে ক্ষুণ্ণ কৰিছে সকলোকে। একেটা লিফ্টত যাত্ৰা কৰা এটি কণমানিক মহিলাগৰাকীৰ কুকুৰটোৱে কামোৰাৰ পিছতো ‘একো নোহোৱাৰ’ দৰেই নিশ্চুপ হৈ চাই থাকে মহিলাগৰাকীয়ে।

জানিব পৰা মতে, সোমবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ৰাজনগৰ এক্সটেনচনৰ চাৰ্মছ কেছল ছ’চাইটিৰ লিফ্টত সংঘটিত হয় এই ঘটনা। ছ’চাইটিখনত বাস কৰা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ এটি ৮ বছৰীয়া শিশুৱে সন্ধিয়া টিউচনৰ পৰা ঘৰলৈ উভতিছিল। শিশুটিয়ে লিফ্টেৰে ফ্লেটলৈ গৈ থাকোঁতে এগৰাকী মহিলাই নিজৰ পোহনীয়া কুকুৰটোক লৈ লিফ্টত প্ৰৱেশ কৰে। কুকুৰটোৰ পৰা পলাবলৈ শিশুটি লিফ্টত থকা গেটৰ ফালে আহে। এই সময়ত কুকুৰটোৱে শিশুটিৰ উৰুত কামোৰে।

photo1662470005
নিৰ্মম! লিফ্টৰ ভিতৰত শিশুক আক্ৰমণ পোহনীয়া কুকুৰৰ, বিষত কান্দি থকা দেখিও নিশ্চুপ হৈ চাই থাকিল হৃদয়হীনা মহিলাই… 2

কুকুৰে কামোৰাৰ ফলত শিশুটিৰ ইমান তীব্ৰ বিষ হয় যে তেওঁ ভৰিখন মাটিত ৰাখিবও নোৱাৰে। এই সময়ত মহিলাগৰাকীয়ে মনে মনে থিয় হৈ চাই থাকে। শিশুটিৰ লগত কথা পাতিবলৈ বা বুজাবলৈ তেওঁ কোনো প্ৰচেষ্টা নকৰিলে। মহিলাগৰাকীয়ে নিজৰ ফ্ল’ৰত লিফ্টৰ পৰা ওলাই অহাৰ সময়ত কুকুৰটোৱে আকৌ এবাৰ শিশুটিক কামুৰিবলৈ চেষ্টা কৰে, কিন্তু এইবাৰ শিশুটি কোনোমতে ৰক্ষা পৰে।

শিশুটিৰ মাতৃ জয়ংকৰা ৰাওৱে অচিনাক্ত মহিলাগৰাকীৰ বিৰুদ্ধে গোচৰ তৰিছে। ৰাওৱে কয়, “মই যেতিয়া গ্ৰাউণ্ড ফ্ল’ৰত থিয় হৈ আছিলো তেতিয়া মোৰ পুত্ৰই আহি গোটেই ঘটনাটো মোক কয়।” সেই সময়ত মহিলাগৰাকীয়ে নিজৰ কুকুৰটোক লৈ গৈ আছিল বেছমেণ্টৰ বাথৰুমলৈ।

এই ঘটনাক লৈ বিভিন্ন জনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সামাজিক মাধ্যমতো মহিলাগৰাকীৰ আচৰণত ক্ষোভ ব্যক্ত কৰিছে নেট ব্যৱহাৰকাৰীয়ে। মানুহতকৈ যেতিয়া কুকুৰৰ গুৰুত্ব অধিক বাঢ়ি যায়, তেতিয়াই কুকুৰপ্ৰেমী সকলে এনে আচৰণ কৰিবলৈ আৰম্ভ কৰে বুলিও মন্তব্য কৰিছে অনেকেই।