নিউজ ডেস্ক। চৰণেহে জানে মৰণৰ ঠাই…!
এই আপ্তবাক্যশাৰীয়েই যেন সত্য প্ৰমাণিত হ’ল ছায়া কাৰাডে নামৰ এগৰাকী মহিলাৰ ক্ষেত্ৰত।
নিজৰ সদ্যপ্ৰয়াত মাতৃৰ শেষকৃত্যত অংশ ল’বলৈ যােৱাৰ পথতে এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল জীয়ৰী ছায়াৰ।
ছায়া কাৰাডেৰ লগতে এই দুৰ্ঘটনাত তেওঁৰ সম্পৰ্কীয় ভাতৃৰাে মৃত্যু ঘটে।
এই শোকাবহ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ বেতুলত।
জানিব পৰা মতে, ভূপালৰ গৌতম নগৰৰ নিৱাসী ছায়া কাৰাডেৰ (৩২) নামৰ মহিলাগৰাকীৰ মাতৃৰ বাৰ্ধক্যজনিত কাৰণৰ মৃত্যু ঘটে।
সেয়ে মাতৃৰ শেষকৃত্যত অংশ ল’বলৈ শুকুৰবাৰে সম্পৰ্কীয় ভাতৃ ভাস্কৰ বুম্বলে (২২)ৰ সৈতে বুলি ভূপালৰ পৰা ছিণ্ডৱাড়াৰ পাণ্ডুৰ্ণালৈ ৰাওনা হৈছিল।
কিন্তু যাত্ৰাপথতে তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা লেন পাৰ হৈ আনটো লেনেৰে বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰলীত প্ৰচণ্ড জোৰে খুন্দা মাৰে।
এই সংঘৰ্ষত তেওঁলােকৰ বাহন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।
এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ছায়া কাৰাডেৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু ঘটে।
তেওঁ সম্পৰ্কীয় ভাতৃয়ে ঘটনাস্থলীতে মৃত্যুবৰণ কৰে।
ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে ট্ৰলীখনৰ চালকজনে।
এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।