অসম

গৰুখুঁটিৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত দুজনক গ্ৰেপ্তাৰ CIDৰ…

গৰুখুঁটিৰ উচ্ছেদৰ ঘটনাক লৈ ৰাজ্যত অব্যাহত আছে উত্তেজনা।

গৰুখুঁটিৰ সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে জড়িত দুজনক গ্ৰেপ্তাৰ কৰিছে চি আই ডিয়ে ।

গ্ৰেপ্তাৰ কৰা লোক দুজন হৈছে- চান মহম্মদ আৰু আছমত আলী।

দেওবাৰে নিশা চি আই ডিৰ দলে গ্ৰেপ্তাৰ কৰে আছমত আলী আৰু ছান মামুদক।

আছমত আলী বাজানপথাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি থকাৰ বিপৰীতে ছান মামুদ সাণোৱা পঞ্চায়তৰ সভাপতি।

চি আই ডিৰ দলে আন এজন লোকক সোধা-পোছাৰ বাবেও তলব কৰিছে।

উল্লেখ্য যে, উচতনি দিয়া সন্দৰ্ভত ৬ অভিযুক্তক চিনাক্ত কৰিছিল আৰক্ষীয়ে।

বৰ্তমানো ৪গৰাকী পলাতক হৈ আছে।

বিগত সপ্তাহত দৰঙৰ গৰুখুঁটিত উচ্ছেদ চলোৱাৰ সময়ত সংঘটিত হোৱা হিংসাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আৰক্ষী জোৱানকে ধৰি প্ৰায় ২০ জন লোক আঘাতপ্ৰাপ্ত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *