পথ নিৰ্মাণৰ নামত অসমীয়া সংস্কৃতিক অপমান, পথৰ কাষত পৰি ৰ’ল শৰাই, জাপি…

পথ নিৰ্মাণৰ নামত অসমীয়া সংস্কৃতিক অপমান।

ফ’ৰলেনযুক্ত পথ নিৰ্মাণৰ নামত বুলড’জাৰ লগাই ভাঙি পেলালে অসমীয়াৰ স্বাভিমান শৰাই, জাপি আদি।

উজনি অসমলৈ যোৱাৰ সময়ত চামগুৰি বিলপাৰৰ বৃহদাকাৰৰ শৰাই, জাপি আৰু ঢোলে সকলো যাত্ৰীকে আকৰ্ষণ কৰি আহিছে।

কিন্তু ফ’ৰলেনযুক্ত পথ নিৰ্মাণৰ বাবে চামগুৰি বিলপাৰৰ এই উদ্যানখন পথ নিৰ্মাণকাৰী সংস্থাই ভঙাৰ নিৰ্দেশ দিছিল।

পিছে চামগুৰিৰ ৰাইজে অসমীয়াৰ জাতীয় ঐতিহ্যৰ এই প্ৰতীকসমূহত হাতোৰা লগাই ভঙাৰ সলনি পুৰণিগুদামৰ ন-আলিমূৰৰ মিনাৰৰ আৰ্হিত স্থানান্তৰ কৰাৰ বাবে নগাঁও জিলা প্ৰশাসনক অনুৰোধ জনাইছিল।

কিন্তু নগাঁও জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অসমীয়াৰ জাতীয় সম্পদৰ ওপৰত বুলড’জাৰ চলাই ভাঙি পেলোৱাৰ পিছতে ক্ষোভিত হৈ পৰিছে চামগুৰি তথা নগাঁৱৰ ৰাইজ।

স্থানীয় ৰাইজে এই সংক্ৰান্তত নগাঁৱৰ অভিভাৱক মন্ত্ৰী পীয়ূষ হাজৰিকাকো অভিযোগ দাখিল কৰিছে।

উল্লেখযোগ্য যে বহি:ৰাজ্যৰ পথ নিৰ্মাণকাৰী সংস্থাই শৰাই, বৰতাল, ঢোল, পেঁপা আদিৰ ওপৰত বুলড’জাৰ চলাই ভাঙি পেলোৱাৰ বিপৰীতে মাটিৰে নিৰ্মিত বৃহদাকাৰ খোলটো কোনো দুষ্ট চক্ৰই চুৰ কৰি লৈ যায়।

ইয়াৰ পিছতে চামগুৰিৰ লগতে সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইপিনে সোমবাৰে দিনৰ ১১ বজাত মন্ত্ৰী পীয়ূষ হাজৰিকাই চামগুৰি বিলপাৰত নিজে উপস্থিত হৈ উচিত ব্যৱস্থা লোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাতে মহাপুৰুষজনাৰ অমৰ সৃষ্টিৰ আৰ্হিত নিৰ্মাণ কৰা কীৰ্তিচিহ্নসমূহত বুলড’জাৰ চলোৱা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে চামগুৰিৰ ৰাইজ।

Leave a Comment