এক শোকাৱহ ঘটনা।
বজ্ৰ পৰি কৰুণ মৃত্যুক সাৱটিলে দুজন লোকে।
পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।
মৃত লোক দুগৰাকী হৈছে- খেৰণি ৱাটিজুৰ গাঁৱৰ ৰতন যাদব আৰু খেৰণি টিলাবস্তিৰ মহেশ চৌহান।
আজি দুপৰীয়াৰ ভাগত সংঘটিত হৈছে এই শোকৱাহ ঘটনা।
জানিব পৰা মতে, ৰতন যাদবে এৰাল দিয়া গৰু আনিব যাওঁতেই এই কৰুণ ঘটনা সংঘটিত হয়।
ৰতন যাদবৰ দুটাকৈ গৰুৰো মৃত্যু হয় বজ্ৰপাতৰ ফলত।
আনহাতে ছাগলী বিচাৰি যাওতে মহেশ চৌহানৰ মৃত্যু হয় বজ্ৰপাতত।









