খেলুৱৈ হিচাপে নহয়, এইবাৰ ডিএছপিৰ ৰূপত দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হিমা দাস…

নিউজ ডেস্কঃ আৰক্ষীৰ পোছাক পিন্ধি দেৰগাঁৱৰ অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হ’ল ধিং এক্সপ্ৰেছ হিমা দাস।

অসম চৰকাৰে ডিএছপি পদত নিযুক্তি প্ৰদানৰ পিছত প্ৰথমবাৰৰ বাবে আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হৈ অভিভূত হৈ পৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দৌৰবিদ গৰাকী।

photo1661941926
খেলুৱৈ হিচাপে নহয়, এইবাৰ ডিএছপিৰ ৰূপত দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হিমা দাস… 4

হিমা দাস প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হোৱাৰ পিছতে তেওঁক ফুলাম গামোছাৰে আদৰণি জনায় মহাবিদ্যালয়খনৰ অধ্যক্ষ দেৱাশীষ শৰ্মাই।

photo1661941932
খেলুৱৈ হিচাপে নহয়, এইবাৰ ডিএছপিৰ ৰূপত দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হিমা দাস… 5

ইয়াৰ পিছতে দৌৰবিদ হিমা দাসে মহাবিদ্যালয়খনৰ বিভিন্ন গোটত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ২১৪৮ গৰাকী অসম আৰক্ষী জোৱানৰ সৈতে মত বিনিময় কৰে।

photo1661941938
খেলুৱৈ হিচাপে নহয়, এইবাৰ ডিএছপিৰ ৰূপত দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হিমা দাস… 6

ইফালে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নিৰ্দেশ অনুসৰি অসম আৰক্ষীৰ দক্ষ খেলুৱৈ সকলৰ মাজত অচিৰেই এটা নতুন এথলেটিকছ দল গঠন কৰা হ’ব বুলিও ঘোষণা কৰে হিমা দাসে।

দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ক চৌহদত হিমা দাসৰ উপস্থিতিয়ে অনুপ্ৰাণিত কৰে মহাবিদ্যালয়খনত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা আৰক্ষী জোৱান সকলকো।