বিজ্ঞান জগতৰ সৰ্বোচ্চ সন্মানৰ তালিকাত অসম সন্তান, ড০ বিনয় কুমাৰ শইকীয়ালৈ শান্তিস্বৰূপ ভাটনাগৰ বঁটা…

ৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন অসমৰ এজন বিজ্ঞানীৰ।

অসমীয়া বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়ালৈ শান্তিস্বৰূপ ভাটনাগৰ বঁটা।

২০২১ বৰ্ষৰ শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ ড০ শইকীয়াৰ।

ভাৰতীয় বিজ্ঞান জগতৰ অন্যতম সৰ্বোচ্চ সন্মান এই ভাটনাগৰ বঁটা।

এই সন্মানীয় বঁটা লাভ কৰা ড০ শইকীয়া পঞ্চমজন অসমীয়া

সূদীৰ্ঘ ২০ বছৰৰ পিছত এগৰাকী অসমীয়া বিজ্ঞানীয়ে লাভ কৰিছে এই বিৰল সন্মান।

উল্লেখ্য যে, ৬টা পৃথক পৃথক গৱেষণাৰ বাবে দিয়া হয় এই বঁটা।

ড০ বিনয় কুমাৰ শইকীয়া ভূ-বায়ু মণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান শাখাত লাভ কৰিছে এই বঁটা।

বৰ্তমান তেওঁ যোৰহাটৰ চিএছআইআৰৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ এজন বিজ্ঞানী হিচাপে কৰ্মৰত।

অসমতে কৰ্মৰত অৱস্থাত এই বঁটা লাভ কৰা ড০ শইকীয়া সম্ভৱত প্ৰথমগৰাকী অসমীয়া বিজ্ঞানী।

Leave a Comment