দিপাৱলীত জিঅ’য়ে দিব উপহাৰ
দেশৰ মোবাইল নেটৱৰ্ক সেৱা জিঅ’য়ে ডিচেম্বৰৰ ভিতৰত আৰম্ভ কৰিব ৫ জি নেটৱৰ্ক সেৱা।
ৰিলেয়েঞ্চৰ মূৰব্বী তথা দেশৰ শীৰ্ষ উদ্যোগপতি মুকেশ আম্বানীয়ে সদৰি কৰিছে এই কথা।
দীপাৱলীৰ সময়তে দেশৰ মেট্ৰ’ চহৰসমূহত এই সেৱা মুকলি কৰিব বুলি সদৰি কৰে মুকেশ আম্বানীয়ে।
তেওঁ ঘোষণা কৰিছে যে চলিত বছৰৰ দিপাৱলীৰ ভিতৰত দেশত ৫ জি সেৱা আৰম্ভ হ’ব আৰু ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত সমগ্ৰ দেশত ৫ জি সেৱা উপলব্ধ হৈ পৰিব।
ৰিলায়েঞ্চে ৫ জি সেৱা মুকলি কৰাৰ নামত ২ লাখ কোটি টকা নিবেশ কৰিব আৰু প্ৰতিখন মুখ্য চহৰত চলিত বৰ্ষৰ দিপাৱলীৰ ৫ জি সেৱা উপলব্ধ হ’ব।
কেৱল সেয়াই নহয়, ৫ জি সেৱা উপভোগৰ বাবে কম মূল্যতে এণ্ড্ৰইড মোবাইল ফোন নিৰ্মাণৰ বাবে ৰিলায়েঞ্চে গোগুলৰ লগত কাম কৰি আছে বুলি সদৰি কৰে।
মুকেশ আম্বানীয়ে কয়, “জিঅ’ই আগবঢ়োৱা 5জি নেটৱৰ্ক টো এটা অ-ষ্টেণ্ডএলোন 5জি নেটৱৰ্ক হ’ব, যিটো ইয়াৰ শেহতীয়া সংস্কৰণ আৰু ই বিশ্বৰ দ্ৰুততম নেটৱৰ্কও প্ৰদান কৰিব।” ই কেৱল আটাইতকৈ উন্নত 5জি নেটৱৰ্ক নহয়, লগতে সৰ্ববৃহৎ ও হ’ব। বিশেষ কথাটো হ’ল সমগ্ৰ নেটৱৰ্কটো কেৱল 5জি ৰ বেণ্ডৰ পৰা উপলব্ধ কৰা হ’ব, ইয়াত 4জিৰ কোনো সহায় লোৱা নহ’ব।
আম্বানীয়ে কয় যে জিঅ’ ৫জি সেৱাই সকলোকে, প্ৰতিটো স্থান আৰু সকলোকে সৰ্বোচ্চ মানদণ্ড আৰু সামৰ্থ্যৰ সৈতে সংযোগ কৰিব। চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগত ভাৰতক তথ্য-চালিত অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।









