ধ্বংসস্তূপত পৰিণত হ’ল গগনচুম্বী ‘টুইন টাৱাৰ’…

নিউজ ডেস্ক। অৱশেষত ধ্বংসস্তূপত পৰিণত হ’ল উত্তৰ প্ৰদেশৰ নয়ডাৰ গগনচুম্বী ‘টুইন টাৱাৰ’।

৩,৭০০ কিলোগ্রাম বিস্ফোৰক পদার্থ ব্যৱহাৰ কৰি ঘটােৱা বিস্ফােৰণৰ পিছতে তাচপাতৰ ঘৰৰ দৰে খহি পৰে দুয়োটা গগনচুম্বী অট্টালিকা।

প্ৰচণ্ড বিস্ফোৰণৰ শব্দত কঁপি উঠিল টুইট টাৱাৰৰ সমীপৱৰ্তী অঞ্চল। কংক্ৰিটৰ ধূলিৰে হৈ ধূসৰ হৈ পৰে বৃহৎ অঞ্চল।

G4 3
ধ্বংসস্তূপত পৰিণত হ’ল গগনচুম্বী 'টুইন টাৱাৰ'... 2

উল্লেখ্য যে এই ধ্বংসকার্য চলি থকাৰ সময়ত অঞ্চলটােক ‘ন’ ফ্লাই জােন’ ঘােষণা কৰা হৈছিল।

অঞ্চলটো আবদ্ধ কৰি ৰাখিবৰ বাবে নিয়ােগ কৰা হৈছিল বৃহৎ সংখ্যক আৰক্ষী-নিৰাপত্তাৰক্ষী।

ধ্বংসৰ বাবে মুঠতে ব্যয় কৰা হ’ল বিশ কোটি টকা।

উল্লেখনীয় যে বহু নীতি-নিয়ম উলংঘা কৰি নিৰ্মাণ কৰা টুইন টাৱাৰ ধ্বংসৰ বাবে ২০২১ চনতে উচ্চতম ন্যায়ালয়ে নির্দেশ দিছিল।

ইয়াৰে এপেক্স অট্টালিকা ৩২ মহলীয়া আৰু চেয়ান অট্টালিকাটো ২৯ মহলীয়া।

এই দুয়োটা ধ্বংসৰ ফলত নিৰ্মাতা ছুপাৰটেক লিমিটেডৰ ক্ষতি হ’ব প্ৰায় এহেজাৰ কোটি টকা।

২০০৪ চনত এই দুয়োটাৰ নিৰ্মাণ আৰম্ভ হৈছিল।