এবিভিপি মানে বিজেপি নহয়, এবিভিপি আমাৰ ছাত্ৰ সংগঠন নহয়ঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্কঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক লৈ এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এবিভিপি বিজেপিৰ ছাত্ৰ সংগঠন নহয় বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰতিবাদ কৰিবলৈ এবিভিপিৰ সম্পূৰ্ণ গণতান্ত্ৰিক অধিকাৰ আছে।

আছু, আমছুৱে যদি নিজৰ কথা ক’ব পাৰে, তেন্তে এবিভিপিয়ে কিয় নোৱাৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয় যে এবিভিপি বিজেপিৰ ছাত্ৰ সংগঠন বুলি বহুতৰে ধাৰণা আছিল। কিন্তু এতিয়া এয়া স্পষ্ট হৈ পৰিছে যে দুয়োটা পৃথক সংগঠন।

কোনো কোনো ক্ষেত্ৰত এবিভিপিৰ সৈতে বিজেপিৰ মতৰ মিল থাকিলেও এবিভিপি বিজেপিৰ ছাত্ৰ সংগঠন নহয় বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে এবিভিপিয়ে আছু, আমছু বা আন দল-সংগঠনৰ দৰে প্ৰতিবাদ সাব্যস্ত কৰিব পাৰে। মুখ্যমন্ত্ৰীৰ পুত্তলিকাও দাহ কৰিব পাৰে। অথবা অহাবাৰ নিৰ্বাচনত তেওঁক ভোট নিদিবলৈ আহ্বান জনাবও পাৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে, অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী মাধ্যমৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ প্ৰতিবাদ সাব্যস্ত কৰিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে। সেই সময়তে এবিভিপিক লৈ আপত্তিজনক মন্তব্য কৰি ছাত্ৰ সংগঠনটোৰ ৰোষত পৰিছে ৰাজ্যৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও।