অপদস্থ হৈও মহানুভৱতা দেখুৱালে অভিনেতা জয়ন্ত দাসে! ক্ষমা কৰি দিলে আৰক্ষীৰ বাহন চালক তাহেৰ আলীক…

নিউজ ডেস্কঃ অপদস্থ হৈও মহানুভৱতাৰ পৰিচয় দিলে অভিনেতা জয়ন্ত দাসে। বৃহস্পতিবাৰে সন্ধিয়া উজান বজাৰত তেওঁৰ সৈতে দুৰ্ব্যৱহাৰ কৰা আৰক্ষীৰ বাহন চালক তাহেৰ আলীক ক্ষমা কৰি দিলে জ্যেষ্ঠ অভিনেতাগৰাকীয়ে।

উল্লেখ্য যে, বৃহস্পতিবাৰে ফেচবুকত এটা ভিডিঅ’যোগে তেওঁৰ সৈতে সন্ধিয়া ঘটা এক ঘটনা অতি আক্ষেপেৰে ব্যক্ত কৰিছিল জনপ্ৰিয় অভিনেতা জয়ন্ত দাসে। য’ত তেওঁ এগৰাকী আৰক্ষী বাহন চালকৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰিছিল।

দৰাচলতে খাকী পোছাকত চাধা মাৰি থকা এগৰাকী আৰক্ষী জোৱানক আৰক্ষীৰ পোছাকত চাধা নামাৰিবলৈ অভিনেতাগৰাকীয়ে বিনম্ৰতাৰে অনুৰোধ কৰাৰ পিছতে খঙত অগ্নিশৰ্মা হৈ পৰিছিল আৰক্ষীৰ বাহন চালক তাহেৰ আলী। অভিনেতাগৰাকীলৈ আঙুলি টোঁৱাই বিভিন্ন আশ্ৰব্য গালি-গালাজো কৰিছিল তাহেৰ আলী নামৰ বাহন চালকজনে।

image 187
অপদস্থ হৈও মহানুভৱতা দেখুৱালে অভিনেতা জয়ন্ত দাসে! ক্ষমা কৰি দিলে আৰক্ষীৰ বাহন চালক তাহেৰ আলীক… 2

এই ঘটনাৰ বিষয়ে পিছত ফেচবুকযোগে বৰ্ননা কৰি আক্ষেপ ব্যক্ত কৰিছিল অভিনেতাগৰাকীয়ে। লগতে তেওঁ বিচাৰিছিল মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ হস্তক্ষেপো।

ইফালে সামাজিক মাধ্যমত অভিনেতাগৰাকীৰ সৈতে ঘটা ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰিজাৰ্ভ ক্ল’জ কৰা হয় আৰক্ষীৰ বাহন চালক তাহেৰ আলীক। সমান্তৰালভাৱে তেওঁক গ্ৰেপ্তাৰো কৰে আৰক্ষীয়ে।

কিন্তু ইয়াৰ পিছতে অভিনেতা জয়ন্ত দাসে থানাত উপস্থিত হৈ নিজৰ মহানুভৱতা দেখুৱাই ক্ষমা কৰি দিয়ে অভিযুক্ত বাহন চালকজনক।

তেওঁ কয়, ‘তেওঁৱো মানুহেই। তেওঁ মোক দুৰ্ব্যৱহাৰ কৰাৰ সময়ত কি বা মানসিক পৰিস্থিতিত আছিল! মোৰ সৰু ভাই হিচাপে তেওঁক মই ক্ষমা কৰি দিছো। আশা কৰো তেওঁ ভৱিষ্যতে এনে আচৰণ নকৰে।’

আনহাতে অভিযুক্ত বাহন চালকজনে তেওঁৰ ভুল আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰি লোৱা বুলিও মন্তব্য কৰে অভিনেতা জয়ন্ত দাসে। তাহেৰ আলীৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা নল’বলৈ আৰক্ষীক অনুৰোধ জনায় জয়ন্ত দাসে।