মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ অভিযোগ, অপসাৰণৰ দাবীৰে উত্তাল প্ৰতিবাদ…

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ অভিযোগ।

তাৎক্ষণিকভাৱে অপসাৰণৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত।

অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়াই এগৰাকী যুৱতীৰ লগত ফেচবুক মেছেঞ্জাৰ আৰু ৱাটছএপত যৌন গন্ধী বাৰ্তালাপ কৰাৰ কেতবোৰ স্ক্ৰীণ শ্ব’ট সম্প্ৰতি ভাইৰেল হৈ পৰিছে।

যি ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

বৃহস্পতিবাৰে মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাই ঘটনাটোৰ তদন্ত দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই মহাবিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত অধ্যক্ষ গৰাকীৰ পুত্তলিকা দাহ কৰে।

ইপিনে ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে এই ঘটনাটো তদন্ত কৰা বুলি শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৱে টুইট কৰিছে ৷

তদুপৰি বিষয়টোৰ উচিত তদন্তৰ খাটিৰত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত হয়।

আনহাতে অধ্যক্ষ গৰাকীয়ে তেওঁৰ ফেচবুক আই ডি হে ক কৰি, ভুৱা ৱাটছএপত আই ডি ৰে কোনো দুষ্ট চক্ৰই এই কাৰ্য সংঘটিত কৰা বুলি সদৰি কৰিছে ৷

এই সন্দৰ্ভত লখিমপুৰৰ আৰক্ষী অধিক্ষকক ড° বিমান চন্দ্ৰ চেতিয়াই লিখিত অভিযোগ দাখিল কৰিছে বুলি জনায়।