মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান ধিং এক্সপ্ৰেছ হিমা দাসৰ…

নিউজ ডেস্কঃ জনতা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান আগবঢ়ালে ধিং এক্সপ্ৰেছ হিমা দাসে।

বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হয় হিমা দাস। তাত তেওঁ সদ্য সমাপ্ত কমনৱেলথ গেমছত অংশগ্ৰহণৰ অভিজ্ঞতা মুখ্যমন্ত্ৰীৰ সৈতে ভাগ-বতৰা কৰে।

অন্যহাতে এই সাক্ষাততে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছ, ২০২৬ চনৰ বাবে কঠোৰ অনুশীলন কৰিবলৈ হিমাক আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে সকলো ধৰণৰ সহায়ৰো তেওঁ আশ্বাস দিয়ে।

তদুপৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা অনুদানৰ বাবে হিমা দাসক ধন্যবাদ জনায় মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে, বাৰ্মিংহামত অনুষ্ঠিত হৈ যোৱা ২০২২ৰ বৰ্ষৰ কমনৱেলথ গেমছত মাত্ৰ ৪ মিলি ছেকেণ্ডৰ ব্যৱধানত পৰাস্থ হ’বলগীয়া হৈছিল ধিং এক্সপ্ৰেছ হিমা দাসে। তেওঁৰ পৰৱৰ্তী প্ৰতিযোগিতাৰ বাবে অনুশীলনৰ পূৰ্বে কিছুদিনৰ বাবে অসমলৈ আহিছে হিমা দাস।