চাঞ্চল্যকৰ! পুনৰ অসম আৰক্ষীৰ জিম্মাৰ পৰা পলাল দুৰ্ধৰ্ষ অপৰাধী, এইবাৰৰ স্থান…

পুনৰ অসম আৰক্ষীৰ জিম্মাৰ পৰা পলাল দুৰ্ধৰ্ষ অপৰাধী।

এইবাৰৰ স্থান বঙাইগাঁৱ জিলা।

বঙাইগাঁও জিলাৰ বইটমাৰীৰ কায়েথপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।

আৰক্ষীৰ হাতৰ পৰা হেণ্ডকাফ লৈ এগৰাকী দুৰ্ধৰ্ষ অপৰাধীয়ে পলায়ন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত।

পলায়ন কৰা অপৰাধীজন মিনছুৰ আলী বুলি জানিব পৰা গৈছে।

দুৰ্ধৰ্ষ অপৰাধী মিনছুৰ আলীক গুৱাহাটীৰ আজাৰা আৰক্ষীয়ে তদন্তৰ বাবে ঘৰলৈ লৈ আহোতেই আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰে।

উল্লেখ্য যে বিগত ১৫ দিনৰ ভিতৰত অসম আৰক্ষীৰ জিম্মাৰ পৰা অপৰাধী পলায়ন কৰা এইটো তৃতীয়টো ঘটনা।

ইয়াৰ পূৰ্বে ঢকুৱাখানা আৰু শিলচৰত এই ধৰণৰ ঘটনা সংঘটিত হৈছে।

ইতিমধ্যে অপৰাধীজনক পুনৰ কৰায়ত্ত কৰিবলৈ বইটামাৰী আৰক্ষী আৰু আজাৰা আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই আছে।