জেপত সোণৰ বিস্কুট লৈ কৰিছিল ৰে’লযাত্ৰা! গুৱাহটী ৰে’লৱে ষ্টেছনত গ্ৰেপ্তাৰ সৰবৰাহকাৰী

নিউজ ডেস্কঃ জেপত কেইবালাখ টকাৰ সোণৰ বিস্কুট লৈ ৰাজধানী এক্সপ্ৰেছত যাত্ৰা কৰা এজন সৰবৰাহকাৰীক গুৱাহাটী ৰে’লৱে ষ্টেছনত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৰে’ল আৰক্ষীয়ে।

photo1661333457
জেপত সোণৰ বিস্কুট লৈ কৰিছিল ৰে’লযাত্ৰা! গুৱাহটী ৰে’লৱে ষ্টেছনত গ্ৰেপ্তাৰ সৰবৰাহকাৰী 4

বুধবাৰে গুৱাহাটী ৰে’লৱে ষ্টেছনত ৰাজধানী এক্সপ্ৰেছত জিআৰপিৰ নিয়মীয়া তালাচীৰ সময়ত দুটাকৈ সোণৰ বিস্কুট হয় এজন সৰবৰাহকাৰী।

photo1661333534
জেপত সোণৰ বিস্কুট লৈ কৰিছিল ৰে’লযাত্ৰা! গুৱাহটী ৰে’লৱে ষ্টেছনত গ্ৰেপ্তাৰ সৰবৰাহকাৰী 5

জানিব পৰা মতে, সৰবৰাহকাৰীজনে পেণ্টৰ জেপত ভৰাই সোণৰ বিস্কুট দুটা ডিমাপুৰৰ পৰা চেন্নাইলৈ সৰবৰাহ কৰিছিল। ধৃত যুৱকজনক তামিলনাডুৰ মহম্মদ মহিউদ্দিন বুলি জানিব পৰা গৈছে।

photo1661333971
জেপত সোণৰ বিস্কুট লৈ কৰিছিল ৰে’লযাত্ৰা! গুৱাহটী ৰে’লৱে ষ্টেছনত গ্ৰেপ্তাৰ সৰবৰাহকাৰী 6

অন্যহাতে জব্দকৃত ৩২৩ গ্ৰাম ওজনৰ সোণৰ বিস্কুট দুটাৰ মূল্য প্ৰায় ১৫ লাখ টকা হব বুলি জানিবলৈ দিয়ে জিআৰপিয়ে। ইতিমধ্যে ধৃত সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে জেৰা চলাই থকা হৈছে।