নিউজ ডেস্কঃ পুলিচ বুলিলেই সাধাৰণতে কোচ খাই উঠে সাধাৰণ মানুহৰ মন। খাকী পোছাকজোৰৰ আঁৰত যেন এন নিষ্ঠুৰ মানুহ সোমাই থাকে। এই যেন অকাৰণতেই ধমক দিব… বাটত ৰখাই হাতৰ লাঠিডাল ঘূৰাই ঘূৰাই ঘোপাকৈ চাব…।
আৰক্ষীৰ প্ৰতি থকা মানুহৰ মনত জাগি অহা এই অজান ভয়ক দূৰ কৰাৰ বাবেই বিগত কিছু দিনত চেষ্টা চলাই আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এফালে অপৰাধীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হোৱাৰ নিৰ্দেশ দি আনফালে সাধাৰণ জনতাৰ সৈতে এক বন্ধুত্বপূৰ্ণ গঢ়ি তুলি ‘জনহিতজনসেৱাৰ্থে’ নীতিক সাৰ্থক কৰাৰ বাবে আৰক্ষীক আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।
আৰু এতিয়া তাৰেই যেন প্ৰতিফলন ঘটিল কোকৰাঝাৰৰ ৰাজপথত। ৰ’দৰ ৰুদ্ৰমূৰ্তিক নেওচি কোকৰাঝাৰৰ ৰাজপথত সামগ্ৰী কঢ়িওৱা এগৰাকী ঠেলা চালকক সামান্য সকাহ প্ৰদান কৰা দেখা গ’ল এগৰাকী আৰক্ষী কনিষ্টবলক।
সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে কনিষ্টবলগৰাকীৰ এই ভিডিঅ’। য’ত তেওঁ এজন ঠেলা চালকৰ মালভৰ্তি ঠেলাখন ঠেলি ঠেলি ৰাজপথেৰে গৈ থকা দেখিবলৈ গৈছে।
এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষী কনিষ্টবলগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে অনেক জনে। এয়া আৰক্ষীৰ পোছাকত লিখা থকা ‘জনহিতজনসেৱাৰ্থে’ৰ এক সাৰ্থক দৃশ্য বুলিও অভিহিত কৰিছে বহুতে।









