নিউজ ডেস্ক। ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল হৈ পৰিল শিলচৰৰ কাছাৰ কলেজ।
মংগলবাৰে মহাবিদ্যালয়খনৰ প্ৰৱেশ পথ বন্ধ কৰি ধৰ্ণা দিয়ে ছাত্ৰ-ছাত্ৰীসকলে।

মূলতঃ দেওবাৰে অনুষ্ঠিত অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত গাফিলতি কৰাৰ অভিযোগত জিলা প্ৰশাসনে কাছাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থা আৰু অধ্যাপক ডঃ সুদেশ ৰঞ্জন দাসৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে।
উল্লেখ্য যে দেওবাৰে নিযুক্তি পৰীক্ষা চলি থকাৰ মাজতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ সিদ্ধাৰ্থ শংকৰ নাথক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে অধ্যাপক ডঃ সুদেশ ৰঞ্জন দাসৰ সৈতে জিলা প্ৰশাসনৰ লােকে দুৰ্ব্যৱহাৰ কৰে।
অধ্যাপকগৰাকীৰ সৈতে গালি-গালাজ কৰা বুলিও প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে অভিযােগ উত্থাপন কৰে।
শিক্ষাগুৰুৰ সৈতে হােৱা এনে অবাঞ্ছিত ঘটনাৰ বিৰুদ্ধে সৰৱ হৈ পৰে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে জিলা প্ৰশাসনক ক্ষমা খােজাৰ বাবে দাবী জনায়।









