ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত পৰিল শ্ৰমিক কঢ়িয়াই অনা বাছ, ৩৫ জন আহত…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা খাৱৈত পৰিল শ্ৰমিক কঢ়িয়াই অনা বাছ।

দুৰ্ঘটনাটোৰ ফত গুৰুতৰভাৱে আহত ৩৫ জনকৈ লোক।

গোলাঘাটত চিলনীজানৰ জিলাংচত এই ভয়াবহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে।

জানিব পৰা মতে, পৰমেশ্বৰী চাহ বাগিচাৰ শ্ৰমিক কঢ়িয়াই আনিছিল দুৰ্ঘটনাগ্ৰস্ত বাছখনে।কিন্তু মাজবাটতে নিয়ন্ত্ৰণ হেৰুৱাই শ্ৰমিকসহ পথৰ কাষৰ খাৱৈত পৰি যায় বাগিচাৰ শ্ৰমিক কঢ়িয়াই অনা বাছখন।

দুৰ্ঘটনাৰ সময়ত বাছখনত আছিল প্ৰায় ৪০ গৰাকী যাত্ৰী। পুৰুষ আৰু মহিলা শ্ৰমিকৰ লগতে শিশু সন্তানো আছিল বাছখনত।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰ ভাবে আহত হয় শিশুসহ ৩৫ গৰাকী শ্ৰমিকক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।