প্ৰেমিকৰ সৈতে ভিডিঅ’ কলৰ মাজতে ভয়ংকৰ কাণ্ড কৰিলে প্ৰেয়সীয়ে…

নিউজ ডেস্ক। গুৱাহাটী মহানগৰীৰ পেয়িং গেষ্টত সংঘটিত হ’ল এক শিহৰণকাৰী ঘটনা।

প্ৰেমিকক ভিডিঅ’ কল কৰি থকাৰ মাজে চৰম পথ বাছি ল’লে পশ্চিম বংগৰ এগৰাকী যুৱতীয়ে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হ’ল গুৱাহাটীৰ হৰবালা পথত।

পেয়িং গেষ্ট হাউচৰ বাথৰূমত যুৱতীগৰাকীৰ চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হয়।

photo 2022 08 22 12 53 26
প্ৰেমিকৰ সৈতে ভিডিঅ' কলৰ মাজতে ভয়ংকৰ কাণ্ড কৰিলে প্ৰেয়সীয়ে... 3

মৃত যুৱতীগৰাকীৰ নাম শৰ্মিষ্ঠা ঘােষ। গুৱাহাটীত নাৰ্চিং পাঠক্ৰমৰ ছাত্ৰীগৰাকীৰ ঘৰ পশ্চিম বংগৰ আলিপুৰদুৱাৰত বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, এবছৰ ধৰি গুৱাহাটীৰ হৰবালা পথ স্থিত এই পেয়িং গেষ্ট হাউচত বাস কৰিছিল শৰ্মিষ্ঠা ঘােষ নামৰ ছাত্ৰীগৰাকীয়ে।

গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নাৰ্চিং ইনষ্টিটিউটৰ ছাত্ৰী আছিল মৃত যুৱতীগৰাকী ।

ইতিমধ্যে পল্টন বজাৰ আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণােত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

আৰক্ষীয়ে যুৱতীগৰাকীৰ ম’বাইল উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

লগতে চাওকঃ

গোপনে চলি আছিল পত্নীৰ পৰকীয়া প্ৰেম! হাতে-লােটে ধৰাৰ পিছতে প্ৰেমিকৰ সৈতে পত্নীৰ বিয়া পাতি দিলে স্বামীয়ে…

biya
প্ৰেমিকৰ সৈতে ভিডিঅ' কলৰ মাজতে ভয়ংকৰ কাণ্ড কৰিলে প্ৰেয়সীয়ে... 4

1 thought on “প্ৰেমিকৰ সৈতে ভিডিঅ’ কলৰ মাজতে ভয়ংকৰ কাণ্ড কৰিলে প্ৰেয়সীয়ে…”

Comments are closed.